চাল কোমোৰাu q 12 BK LF.6F9Q5 Aaz YQ
| চাল কোমোৰা | |
|---|---|
| চাল কোমোৰা | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Cucurbitales |
| পৰিয়াল: | Cucurbitaceae |
| গণ: | Benincasa |
| প্ৰজাতি: | B. cerifera |
| বৈজ্ঞানিক নাম | |
| Benincasa cerifera (Thunb.) Cogn. | |
| সমাৰ্থক[1] | |
|
তালিকা
| |
| পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
|---|---|
| শক্তি | 54 kJ (13 kcal) |
| শৰ্কৰাসমূহ | 3 g |
| - খাদ্য আঁহ | 2.9 g |
| চৰ্বী | 0.2 g |
| প্ৰ’টিন | 0.4 g |
| থায়েমিন (ভিটামিন বি১) | 0.04 mg (3%) |
| Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.11 mg (9%) |
| নিয়াচিন (ভিটামিন বি৩) | 0.4 mg (3%) |
| পেণ্টথেনিক এচিড (বি৫) | 0.133 mg (3%) |
| ভিটামিন বি৬ | 0.035 mg (3%) |
| ভিটামিন চি | 13 mg (16%) |
| কেলচিয়াম | 19 mg (2%) |
| লো | 0.4 mg (3%) |
| মেগনেছিয়াম | 10 mg (3%) |
| মেংগানিজ | 0.058 mg (3%) |
| ফছফ’ৰাছ | 19 mg (3%) |
| ছডিয়াম | 111 mg (7%) |
| জিংক | 0.61 mg (6%) |
| Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ | |
চাল কোমোৰা (ইংৰাজী: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ৷ এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়৷[2]
সূচী
- 1 বিৱৰণ
- 2 প্ৰজনন
- 3 ব্যৱহাৰ
- 4 তথ্যউৎস
বিৱৰণ[সম্পাদনা কৰক]
চাল কোমোৰা লতাডাল ডাঙৰ আৰু কোমল হয়৷ উপৰিভাগৰ বৰণ সেউজীয়া৷ মাজে মাজে গাঁঠি থাকে৷ পাত ওলাই অহা ঠাইবোৰত এই গাঁঠিবিলাকৰ উৎপত্তি হয়৷
পাতবিলাকৰ আকাৰ ডাঙৰ আৰু তলৰফালে গুৰিত ঠাৰিডাল থাকে৷ পাতখিলাৰ গুৰিভাগত উৎপত্তি হোৱা ঠাৰিডাল তিনিভাগত ভাগ হৈ এডাল ওপৰলৈ আৰু বাকী দুডাল দুয়ো কাষৰ ফালে যায়৷ উপ-সিৰাবিলাকৰে সৈতে পাতখিলাৰ গঠন এখিলা পাণৰ দৰে হৈ পৰে৷ পাতৰ ঠাৰিডাল আৰু উপৰিভাগত সৰু সৰু নোম থাকে৷[2]
প্ৰজনন[সম্পাদনা কৰক]
চাল কোমোৰাৰ ফুলবোৰ হালধীয়া আৰু ইয়াৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প বেলেগ বেলেগ হয়৷ ইয়াৰ ফল আকাৰত ডাৱৰ আৰু দীঘল চানেকীয়া হয়৷[2]
ব্যৱহাৰ[সম্পাদনা কৰক]
চাল কোমোৰাৰ ফল অসমত মানুহে তৰকাৰি কৰি খায়৷[2]
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-2673135। আহৰণ কৰা হৈছে: April 10, 2014.
- ↑ 2.0 2.1 2.2 2.3 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭