তুলা আৰু তেজা (চলচ্চিত্ৰ)vg2t UhtsBSSeta _eBAHhiaon_me.Zvggkiu.wpEN Y8d.x
| তুলা আৰু তেজা | |
|---|---|
| পৰিচালক | জোনমণি দেৱী খাউণ্ড |
| প্ৰযোজক | জয়ন্ত খাউণ্ড |
| চিত্ৰনাট্য | জোনমণি দেৱী খাউণ্ড |
| কাহিনী | লক্ষ্মীনাথ বেজবৰুৱা |
| ভিত্তি | "তুলা আৰু তেজা" সাধু (বুঢ়ী আইৰ সাধু) |
| অভিনয়ত | অৰুণ নাথ বৰ্ণালী পূজাৰী গীতাৱলী ৰাজকুমাৰী সৌৰভ হাজৰিকা |
| সংগীত পৰিচালক | জিতুল সোণোৱাল |
| ষ্টুডিঅ’ | নিৰি প্ৰডাকচন |
| মুক্তি | ১৩ এপ্ৰিল, ২০১২ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
তুলা আৰু তেজা হৈছে ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নিৰি প্ৰডাকচনৰ বেনাৰত জয়ন্ত খাউণ্ডে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে জোনমণি দেৱী খাউণ্ডে। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ "তুলা আৰু তেজা" নামৰ সাধুৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হয়। বেজবৰুৱাৰ সাধুৰ আধাৰত নিৰ্মিত এইখন দ্বিতীয় অসমীয়া চলচ্চিত্ৰ, প্ৰথমখন আছিল সৰবজান (১৯৮৫)।[1] চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে জিতুল সোণোৱালে।
কাহিনী[সম্পাদনা কৰক]
এজন খেতিয়কৰ দুগৰাকী পত্নী আছিল -"লাগী" আৰু "এলাগী"। এলাগীৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা - কানাই আৰু তেজা, আনহাতে লাগীৰ একমাত্ৰ কন্যা - তুলা। লাগীয়ে স্বামীৰপৰা মৰম আৰু আদৰ পাইছিল, আনহাতে এলাগী এই সকলোবিলাকৰপৰা বঞ্চিত হৈছিল। তথাপি লাগীয়ে এলাগীক সদায় ঈৰ্ষা কৰিছিল। এদিনাখন লাগীয়ে এলাগীক যাদু কৰি এটা কাছলৈ ৰূপান্তৰ কৰে। তেজা আৰু কানায়ে গোটেই গাঁৱতে মাকক বিচাৰি ফুৰে আৰু অৱশেষত এটা পুখুৰীত মাকক বিচাৰি পায়। তাৰ পাছত সদায় সিঁহতে মাকক মনে মনে পুখুৰীৰ পাৰত লগ ধৰে। কিন্তু এদিন লাগীয়ে এই কথা গম পায় আৰু কাছটো ধৰি তাৰ মাংসৰে গাঁৱৰ মানুহক ভোজ খুওৱাৰ পৰিকল্পনা কৰে।[1]
ঘটনাক্ৰমে এলাগী এজোপা জবাফুল আৰু এজোপা জৰাটেঙাৰ গছলৈ ৰূপান্তৰ হয়। তেজা আৰু কানায়ে গছ দুজোপাৰ যত্ন লৈ ডাঙৰ কৰে। এদিন সেইফালেদি ৰজা গৈ থাকোতে, ৰজাই তেজা আৰু কানাইক অলপ জবা ফুল আৰু জৰা টেঙা বিচাৰে। কানায়ে ফুল আৰু টেঙা দিবলৈ সন্মত হয়, কিন্তু তাৰ বিনিময়ত ৰজাই তেজাক বিয়া কৰিব লাগিব বুলি চৰ্ত আগবঢ়ায়। ৰজাই এই চৰ্ত মানি লয় আৰু এনেদৰে তেজা ৰাণী হৈ ৰজাৰ লগত গুচি যায়। এদিনাখন তেজা মাকৰ ঘৰলৈ আহোতে, মাহীমাক লাগীয়ে তাইক যাদুৰে এটা মইনা চৰাইলৈ ৰূপান্তৰ কৰে আৰু নিজৰ জী তুলাক ভুৱা ৰাণী সজাই ৰজাৰ কাৰেঙলৈ পঠিয়াই দিয়ে। কিন্তু শেষত ৰজাই সকলো কথা গম পায়। ৰজাই মইনা চৰাইটোক স্পৰ্শ কৰি পুনৰ তেজালৈ ৰূপান্তৰ কৰে। তুলাক ৰজাই মৃত্যুদণ্ড দিয়ে আৰু তাইৰ শৰীৰৰ মাংস মাক লাগীলৈ পঠিয়াই দিয়ে।[1]
অভিনয় শিল্পী[সম্পাদনা কৰক]
- বিদ্যা ৰাও
- অৰুণ নাথ
- বৰ্ণালী পূজাৰী
- গীতাৱলী ৰাজকুমাৰী
- মণিতা কাকতি
- ভ্ৰান্তি মেধি
- সৌৰভ হাজৰিকা
- জোনাক
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 Seven Sisters' Post - ‘Tula Aru Teja’: Folktale comes alive on celluloid, Chandan Sarmah, Retrieved - May 16, 2012
| ||||||||||||||||||||||||||